চিকিৎসকৰ নেতৃত্বত · গুৱাহাটী · 2008 চনৰ পৰা

মেডিকেল এডমিছন গাইডেন্স —
সঠিক ছিট, সঠিক ফী, সঠিক ৰাউণ্ড

প্ৰাইভেট মেডিকেল কলেজ আৰু ডিম্‌ড ইউনিভাৰ্চিটিত MBBS, BDS, MD আৰু MS-ৰ মেনেজমেণ্ট আৰু NRI কোটা ছিটৰ বাবে আমি আপোনাৰ লগত থাকোঁ। কাকো এটকাও দিয়াৰ আগতে জানি লওক, আচল খৰচ কিমান হ’ব আৰু আপোনাৰ NEET স্ক’ৰত কোনবোৰ কলেজ পোৱাৰ সম্ভাৱনা আছে।

শেহতীয়া আপডেট: 18 নৱেম্বৰ 2026

এই পৃষ্ঠাখন সহজ অসমীয়াত লিখা। দৈনিক counselling notice আৰু সম্পূৰ্ণ তাৰিখৰ বাবে ইংৰাজী পৃষ্ঠাখন চাওক।

আমি কিহত সহায় কৰোঁ

প্ৰাইভেট আৰু ডিম্‌ড কলেজৰ মেনেজমেণ্ট আৰু NRI কোটা ছিট

Orchid Education Foundation (OEF), গুৱাহাটীয়ে অসম, গোটেই উত্তৰ-পূব আৰু ভাৰতৰ আন ঠাইৰ NEET UG আৰু NEET PG ছাত্ৰ-ছাত্ৰীক MBBS, BDS, MD আৰু MS-ৰ মেনেজমেণ্ট আৰু NRI কোটা ছিটৰ বাবে গাইড কৰে। এনে প্ৰতিটো ছিট NEET ৰেংকৰ ভিত্তিত MCC বা ৰাজ্যৰ counselling-ৰ জৰিয়তেহে পোৱা যায়। আমি কলেজ বাছনি, ফীৰ হিচাপ, সঠিক ৰাউণ্ড ধৰা আৰু কাগজ-পত্ৰ ঠিক কৰাত সহায় কৰোঁ।

MBBS মেনেজমেণ্ট কোটাৰাজ্য অনুসৰি প্ৰাইভেট মেডিকেল কলেজ, ফী, ডিপজিট আৰু এতিয়াও খোলা ৰাউণ্ড।MBBS NRI কোটাকোন যোগ্য, স্পন্সৰৰ কি কি কাগজ লাগে, আৰু ফী কিমান।প্ৰাইভেট মেডিকেল কলেজ 2026NEET-ৰ পিছত প্ৰাইভেট কলেজত MBBS এডমিছন কেনেকৈ হয়।BDS মেনেজমেণ্ট আৰু NRI কোটাপ্ৰাইভেট ডেণ্টেল কলেজৰ ছিট, ফী আৰু stray round-ৰ সুযোগ।ডিম্‌ড ইউনিভাৰ্চিটিত MD/MSMCC ৰাউণ্ডৰ ডিম্‌ড ছিট আৰু ডিপজিটৰ নিয়ম।MD/MS মেনেজমেণ্ট কোটাৰাজ্যৰ counselling-ৰে প্ৰাইভেট কলেজৰ PG ছিট: যোগ্যতা, ফী, বণ্ড।MD/MS NRI কোটাডিম্‌ড ইউনিভাৰ্চিটিৰ 15% NRI অংশ আৰু ৰাজ্যৰ NRI ছিট।উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীৰ বাবেঅসম, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম আৰু অৰুণাচল।

চৰকাৰী কোটাৰ ছিটৰ কাম আমি নলওঁ। সেইবোৰৰ অফিচিয়েল তাৰিখ আমাৰ ৰাজ্যভিত্তিক পৃষ্ঠাবোৰত বিনামূলীয়াকৈ পাব।

অভিভাৱকৰ বাবে

“ল’ৰা-ছোৱালীয়ে ভাল কলেজ পাবনে? টকাখিনি অনৰ্থক নহ’বতো?”

প্ৰায় সকলো অভিভাৱকে প্ৰথমতে এই দুটা প্ৰশ্নই সোধে। আমি ইয়াৰ যত্ন এনেদৰে লওঁ:

  • কেৱল আচল, অফিচিয়েল ছিট। MBBS, BDS আৰু MD/MS-ৰ প্ৰতিটো ছিট NEET ৰেংকত MCC বা ৰাজ্যৰ counselling-ৰেহে পোৱা যায়। কোনোবাই “ৰিজাৰ্ভ” বা “ডাইৰেক্ট” ছিটৰ কথা ক’লে তাতেই ৰৈ যাওক।
  • গোটেই খৰচ আগতেই। টিউচন, হোষ্টেল, বণ্ড আৰু চিকিউৰিটি ডিপজিট, কলেজ অনুসৰি, যাতে দ্বিতীয় বছৰত কোনো আচৰিত খৰচ নাহে। ফী কেৱল কলেজক, ৰচিদৰ সৈতে।
  • কেৱল স্বীকৃত কলেজ। তালিকাত দিয়াৰ আগতে আমি NMC-ৰ স্বীকৃতি আৰু ৰাজ্যৰ অফিচিয়েল ফী notification চাওঁ।
  • পৰিকল্পনাটো এজন চিকিৎসকে চায়। OEF এজন MBBS চিকিৎসকে আৰম্ভ কৰিছিল। আমি স্ক’ৰ, কেটেগৰী, বাজেট আৰু নিজৰ ৰাজ্য একেলগে চাওঁ, কেৱল ওচৰৰ খালী ছিটটো নহয়।

ভুল সিদ্ধান্তৰ দাম বহুত। ভুল ৰাউণ্ডত ছিট লোৱা বা এৰিলে চিকিউৰিটি ডিপজিট জব্দ হ’ব পাৰে, বা পিছৰ ৰাউণ্ডবোৰ বন্ধ হ’ব পাৰে। 2026 চনত ৰাজ্যবোৰৰ চিকিউৰিটি ডিপজিট ₹10,000-ৰ পৰা ₹5,00,000 পৰ্যন্ত (পঞ্জাব আৰু ৰাজস্থানৰ notice)। choice lock কৰাৰ আগতে এবাৰ বিনামূলীয়াকৈ ফোন কৰি লওক।

আমি কেনেকৈ কাম কৰোঁ

OEF-ৰ 5 টা খোজ

  1. প্ৰথম কথা-বতৰা বিনামূলীয়া: স্ক’ৰ আৰু বাজেট বুজা
  2. কলেজৰ তালিকা: আপোনাৰ বাবে, অগ্ৰাধিকাৰৰ ক্ৰমত
  3. এলটমেণ্ট: counselling portal-ৰ পৰা, ৰেংকৰ ভিত্তিত
  4. ৰাউণ্ড 1-ৰ সিদ্ধান্ত: আগতে ডিপজিট জব্দ (forfeiture)-ৰ নিয়ম পঢ়ি লোৱা
  5. এডমিছন: কাগজ-পত্ৰ আৰু জইনিঙত সহায়
ফীৰ কথা পোনপটীয়াকৈ

OEF-ৰ গাইডেন্সৰ খৰচ কিমান?

প্ৰথম কথা-বতৰা বিনামূলীয়া, কোনো বাধ্যবাধকতা নাই। তাৰ পিছত যদি আপুনি বিচাৰে যে OEF গোটেই counselling-ত আপোনাৰ লগত থাকক, সেয়া এটা paid সেৱা, আৰু ফী নিৰ্ভৰ কৰে আপোনাক কিমান সহায় লাগে তাৰ ওপৰত।

ফী কিমান আৰু তাত কি কি সামৰি লোৱা আছে, আমি আগতেই কওঁ। আপুনি মান্তি হ’লেহে টকা দিব, আৰু প্ৰতিটো পেমেণ্টৰ ৰচিদ পাব। OEF-ৰ গাইডেন্স ফী উভতাই দিয়া নহয়, সেয়েহে মান্তি হোৱাৰ আগতে ভালদৰে পঢ়ি লওক।

কলেজ আৰু counselling-ৰ ফী বেলেগ। সেইখিনি আপুনি পোনপটীয়াকৈ কলেজ বা counselling authority-ক তেওঁলোকৰ ৰচিদৰ সৈতে দিয়ে, আৰু তাত তেওঁলোকৰ refund নিয়মেই খাটে। সম্পূৰ্ণ চৰ্ত পঢ়ক।

শেহতীয়া তাৰিখ

counselling-ৰ তাৰিখ সদায় সলনি হয়

MCC আৰু প্ৰতিখন ৰাজ্যৰ notice প্ৰায় দৈনিক আহে। শেহতীয়া তাৰিখ, সময় আৰু ৰাউণ্ড আমি আমাৰ tracker পৃষ্ঠাবোৰত প্ৰতিদিনে আপডেট কৰোঁ:

সাধাৰণতে সোধা প্ৰশ্ন

OEF-এ কোনবোৰ ছিটৰ বাবে গাইড কৰে?

OEF, গুৱাহাটীয়ে NEET UG আৰু NEET PG ছাত্ৰ-ছাত্ৰীক প্ৰাইভেট মেডিকেল কলেজ আৰু ডিম্‌ড ইউনিভাৰ্চিটিত MBBS, BDS, MD আৰু MS-ৰ মেনেজমেণ্ট আৰু NRI কোটা ছিটৰ বাবে গাইড কৰে। ছিট সদায় MCC বা ৰাজ্যৰ counselling-ৰ জৰিয়তে, NEET ৰেংকৰ ভিত্তিতহে পোৱা যায়।

টকা দি কোনোবাই মেডিকেল ছিট ৰিজাৰ্ভ কৰিব পাৰেনে?

নোৱাৰে। ছিট কেৱল অফিচিয়েল counselling-ৰেহে পোৱা যায়, আৰু ভাৰতত কেপিটেচন ফী অবৈধ। যিয়েই “ডাইৰেক্ট” বা “ৰিজাৰ্ভ” ছিটৰ প্ৰতিশ্ৰুতি দিয়ে, তেওঁৰ পৰা আঁতৰি থাকক। প্ৰতাৰণা কেনেকৈ চিনিব।

প্ৰথম কথা-বতৰা সঁচাকৈয়ে বিনামূলীয়া নেকি?

হয়। প্ৰথম কথা-বতৰা বিনামূলীয়া আৰু কোনো বাধ্যবাধকতা নাই। পিছত paid গাইডেন্স ল’লে, ফী আৰু তাত কি কি থাকিব আমি আগতেই কওঁ।

চৰকাৰী কোটাৰ ছিটত OEF-এ সহায় কৰেনে?

চৰকাৰী কোটাৰ ছিটৰ কাম আমি নলওঁ। সেইবোৰৰ অফিচিয়েল তাৰিখ আমাৰ ৰাজ্যভিত্তিক পৃষ্ঠাবোৰত বিনামূলীয়াকৈ আছে।

OEF-ৰ অফিচ ক’ত আৰু কেতিয়া খোলা থাকে?

Red Stone, তৃতীয় মহলা, GS Road, বৰমতৰিয়া, গুৱাহাটী 781022। প্ৰতিদিনে পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ। ফোন: 9085064444।

মনত ৰাখিব: ছিট কেৱল অফিচিয়েল counselling-ৰ জৰিয়তেহে পোৱা যায়। কোনো কলেজ, কনচালটেণ্ট বা এজেণ্টে ছিট বিক্ৰী বা ৰিজাৰ্ভ কৰিব নোৱাৰে, আৰু ভাৰতত কেপিটেচন ফী অবৈধ। টকা কেৱল অফিচিয়েল portal-ত বা পোনপটীয়াকৈ কলেজক দিব, আৰু ৰচিদ নিশ্চয় ল’ব।